জীৱনৰ বাটত এক অনুভূতি
নিবন্ধকাৰ গোপাল জালানৰ ‘জীৱনৰ বাটত এক অনুভূতি’ তৃতীয় গ্ৰন্থ৷ ২০১৪ চনত গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ১২০ টকা৷ ভিন্ন বিষয়ৰ ৬০টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ জীৱনত সফলতা লাভ কৰাৰ কিটিপ থকা কেবাটাও নিবন্ধ অন্তৰ্ভুক্ত হৈছে৷ আত্মহত্যা, বলাৎকাৰ, অনাথ শিশু, অন্ধত্ব আদি স্পৰ্শকাতৰ বিষয়ৰো সূক্ষ্ম বিশ্লেষণ আৰু দায়বদ্ধতাৰ বিষয়ে লিখিছে৷ শিল্প-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশৰ উত্তৰণৰ দিক্-নিৰ্ণায়ক লেখা অন্তৰ্ভুক্ত হৈছে৷ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ জাপিৰ বিষয়ে যেনেদৰে আছে, তেনেদৰে আছে আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা ঘৰচিৰিকা চৰাইৰ বিষয়েও৷ লেখক জালানে নিজেই হাজাৰ হাজাৰ ঘৰচিৰিকা চৰাইক আশ্ৰয় দিয়াৰ লগতে প্ৰতিমুহূৰ্ততে সজাগ দৃষ্টি ৰাখে৷ লেখকৰ বৈষ্ণোদেৱী দৰ্শনৰ মনোৰম বৰ্ণনাও ইয়াত অন্তৰ্ভুক্ত হৈছে৷
Download E-Book (PDF)