নতুন দিনৰ প্ৰত্যাশা
নিবন্ধকাৰ গোপাল জালানৰ ‘নতুন দিনৰ প্ৰত্যাশা’ ষষ্ঠ গ্ৰন্থ৷ ২০১৮ চনত গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ১৩০ টকা৷ ৫৭টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ সমসাময়িক জীৱনৰ বিভিন্ন বিষয় সাঙুৰি লেখকে নিবন্ধকেইটা লিখিছে৷ দৈনন্দিন জীৱনত আমি মুখামুখি হোৱা বিভিন্ন বিষয়, বিভিন্ন সমস্যা, বিভিন্ন লোক, উৎসৱ-পাৰ্বণ, মানৱীয় প্ৰমূল্যবোধ আদি বিষয় সামৰি লেখকে গ্ৰন্থখন লিখিছে৷ লেখকৰ ৰচনাৰ বিষয় কেৱল অসম বা ভাৰতেই নহয়– বিশ্বৰ বিভিন্ন সাময়িক প্ৰসংগয়ো লেখকৰ কলমত ধৰা দিছে৷ পৰীক্ষা-ভীতি ঃ পৰিত্ৰাণৰ উপায়, সন্তানে সিদ্ধান্ত লওকঃ কোন শাখাত পঢ়িব, ৰাষ্ট্ৰৰ উন্নয়নত ব্যাঘাত জন্মায় নিদ্ৰাহীনতাই, নাৰী নিৰ্যাতন ঃ দায়ী কোন?, সদ্যোজাতৰ দোষ কি?, পৰিৱৰ্তনৰ কোনো সীমা নাথাকে, প্ৰসংগ ঃ ৰসৰাজৰ বাসগৃহ সংৰক্ষণ, ব্লু হোৱেল আতংক ঃ অভিভাৱকৰ দায়িত্ব, গছ-গছনিত বেনাৰ-ছাইনব’ৰ্ড আঁৰোতাক শাস্তি দিয়ক আদি নিবন্ধই পঢ়ুৱৈক চিন্তাৰ খোৰাক দিব৷
Download E-Book (PDF)