জীৱনৰ বাটত এক প্ৰবাহ

নিবন্ধকাৰ গোপাল জালানৰ ‘জীৱনৰ বাটত এক প্ৰবাহ’ চতুৰ্থ গ্ৰন্থ৷ ২০১৫ চনত গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ১০০ টকা৷ ভিন্ন বিষয়ৰ ৪৯টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ লেখকে প্ৰাসংগিক ঘটনাপ্ৰবাহৰ যোগাত্মক আৰু ঋণাত্মক দিশবোৰ সূক্ষ্মাতিসূক্ষ্মভাৱে উপস্থাপন কৰিছে৷ লোকসংস্কৃতিৰ বিভিন্ন দিশ অৱলোকনৰ কেবাটাও পঠনীয় লেখা আছে৷ প্ৰদূষণমুক্ত পৃথিৱী, ৰাজপথত মৃত্যুৰ কিৰীলি, সাংস্কৃতিক সন্ধিয়া নে সাংস্কৃতিক পুৱতি নিশা, সৰস্বতী পূজা নে প্ৰতিযোগিতা, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বৈষম্যৰ বলি কিয় হয়, কিয় বৃদ্ধি পাইাছ অপৰাধপ্ৰৱণতা, শান্তি বিচাৰি ওলাওঁতেই আদি বিষয়বোৰ লক্ষ্য কৰিলেই বুজিব পাৰি– লেখকৰ সূক্ষ্ম বিশ্লেষণে পঢ়ুৱৈক চিন্তাৰ খোৰাক দিব৷

Download E-Book (PDF)