জীৱনৰ বাটত এক চিন্তা

নিবন্ধকাৰ গোপাল জালানৰ ‘জীৱনৰ বাটত এক চিন্তা’ প্ৰথম গ্ৰন্থ৷ ২০১১ চনত গুৱাহাটীৰ নিষ্ঠা-চাৰু প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ৭০ টকা৷ ভিন্ন বিষয়ৰ ৩৬টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ অসমীয়া ভাষা-সাহিত্যৰ বিভিন্ন দিশৰ যোগাত্মক বিশ্লেষণ; অসমীয়া চলচ্ছিত্ৰ জগত, ভ্ৰাম্যমাণ থিয়েটাৰ জগত, অপেছাদাৰী নাট্যজগতৰ দুৰৱস্থা অৱসানৰ বাবে পুংখানুপুংখ পৰ্যালোচনা; উৎসৱ-অনুষ্ঠান পালনৰ লগতে আমাৰ সামাজিক দায়বদ্ধতা আৰু সমন্বয় সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰা; প্ৰকৃতি ধবংসই মানৱৰ লগতে যে আন জীৱ-জন্তুৰ জীৱনলৈ কেনেদৰে ভয়াৱহতা নমাই আনিছে তাৰ পৰ্যালোচনা; জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদ-ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ বিভিন্ন দিশৰ আলোচনা; মংগোলীয়া ভ্ৰমণৰ স্মৃতি ৰোমন্থনৰ লগতে আমাৰ জীৱনৰ বাটত মুখামুখি হোৱা বিভিন্ন দিশৰ সূক্ষ্ম বিশ্লেষণ আছে এই গ্ৰন্থখনত ৷

Download E-Book (PDF)