জীৱনৰ বাটত চিন্তাৰ এক সুঁতি
নিবন্ধকাৰ গোপাল জালানৰ ‘জীৱনৰ বাটত চিন্তাৰ এক সুঁতি’ দ্বিতীয় গ্ৰন্থ৷ ২০১৩ চনত গুৱাহাটীৰ চন্দ্ৰ প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ১৪০ টকা৷ ভিন্ন বিষয়ৰ ৬৪টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে গুণীজনৰ ব্যক্তিত্বৰ অৱলোকনে গ্ৰন্থখনত ঠাই পাইছে৷ উৎসৱ-অনুষ্ঠানৰ নামত উটি-ভাহি নগৈ নিজৰ লগতে আন দহজনৰ জীৱনৰ কথা ভাবিবলগা কেবাটাও লেখা অন্তৰ্ভুক্ত হৈছে৷ শৰ্মিষ্ঠা প্ৰীতম আৰু জেছমিনৰ দৰে বিশেষভাৱে সক্ষম যুৱতীয়ে সাহিত্য চৰ্চাৰ জৰিয়তে জীৱনটো উদ্যাপন কৰি আন বহু হতাশাগ্ৰস্ত যুৱক-যুৱতীক জীয়াই থকাৰ প্ৰেৰণা দিয়াৰ কথাও উল্লেখ কৰিছে৷ কৈশোৰ আৰু যৌৱনৰ দিন অতিবাহিত কৰা শিক্ষানুষ্ঠান দুখনৰো গুণাণুকীৰ্তন আছে৷ সংবাদ মাধ্যমে নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত আপোচবিহীন হ’ব লগাৰ বিষয়েও নিবন্ধ সন্নিৱিষ্ট হৈছে৷ ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ সামাজিক দায়বদ্ধতাৰ লগতে এই অনুষ্ঠান দুটা জীয়াই ৰখাত আমাৰ দায়িত্বৰ বিষয়েও লেখকে সজাগ কৰিছে৷ মাৰোৱাৰীসকলে ব্যৱসায়-বাণিজ্যত ব্যস্ত থকাৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰো সেৱাত লগাৰ বিষয়েও দুটি নিবন্ধত বৰ্ণনা কৰিছে৷ ইয়াৰ লগতে গ্ৰন্থমেলা, বৃদ্ধাশ্ৰম, ডাইনী হত্যা, যুৱ মানসিকতা, শিল্পী পেঞ্চন আদিৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰসংগয়ো স্থান লাভ কৰিছে৷
Download E-Book (PDF)