ক’ৰোনা : জীৱন-জীৱিকা-ৰাজনীতি

নিবন্ধকাৰ গোপাল জালানৰ ‘ক’ৰোনা ঃ জীৱন-জীৱিকা-ৰাজনীতি’ সপ্তম গ্ৰন্থ৷ ২০২০ চনত গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ১৮০ টকা৷ ৪৭টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ গ্ৰন্থখনৰ শিৰোনামেই অন্তৰ্ভাগৰ কথা কয়৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত সমগ্ৰ বিশ্বত মানৱ জীৱনত প্ৰভাৱ পেলোৱা বিভিন্ন বিষয়ৰ বিশ্লেষণ আছে গ্ৰন্থখনত৷ জীৱন, জীৱিকা আৰু ৰাজনীতিৰ প্ৰসংগই মুখ্য বিষয়৷ চিকিৎসক, চিকিৎসাকৰ্মী, নাৰ্ছ, পুলিচ প্ৰশাসন, জৰুৰীকালীন সেৱাত জড়িত লোক, খাটিখোৱা লোকসকলৰ জীৱন-যন্ত্ৰণা, ঘৰমুখী শ্ৰমিকৰ হা-হুমুনিয়াহ, শিল্প-সংস্কৃতিৰ লগত জড়িত লোকসকলৰ কৰ্মহীনতা, ইজনে সিজনক সহায়েৰে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা আদি বিভিন্ন বিষয় গ্ৰন্থখনত পোৱা যায়৷

Download E-Book (PDF)