আত্মোপলব্ধি
নিবন্ধকাৰ গোপাল জালানৰ ‘আত্মোপলব্ধি’ অষ্টম গ্ৰন্থ৷ ২০২০ চনত গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ২০০ টকা৷ ৫২টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ অসম, ভাৰত তথা বিশ্বৰ সমসাময়িক বিভিন্ন ঘটনাপ্ৰবাহৰ বিশ্লেষণ সমৃদ্ধ নিবন্ধকেইটাই পঢ়ুৱৈক চিন্তাৰ খোৰাক দিয়াৰ লগতে বহু কথাৰ সম্ভেদ দিব৷ লগতে মন চুই যাব দৈনন্দিন জীৱনত আমি মুখামুখি হোৱা বিভিন্ন বিষয়, বিভিন্ন সমস্যা, বিভিন্ন লোক, উৎসৱ-পাৰ্বণ, মানৱীয় প্ৰমূল্যবোধ আদি বিষয়ে৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ কেবাগৰাকী পুৰোধা ব্যক্তিৰ জীৱন আৰু কৰ্মৰাজিৰো আলোকপাত কৰিছে কেবাটাও লেখাত৷ অসমীয়া চলচ্ছিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অপেছাদাৰী নাট্যগোষ্ঠীৰ লগত জড়িত লোকসকলৰ জীৱন-সংগ্ৰামৰ লগতে এইকেইটা বিষয়ৰ উন্নতিৰ ক্ষেত্ৰত ল’বলগা পদক্ষেপ সম্পৰ্কতো লেখকে নিজৰ মতামত ব্যক্ত কৰিছে৷ গভীৰ হৈছে জল সংকট, কিয় সাব্যস্ত কৰিব লাগে ভোটাধিকাৰ?, পৰিবেশ সংৰক্ষণত মহিলাৰ ভূমিকা, মহাকাশতো শক্তিধৰ ৰাষ্ট্ৰ হ’ল ভাৰত, ভিডিঅ’ গেম কিয় নিষিদ্ধ?, আৱৰ্জনা ক’ত পেলাব ঃ পথত নে ডাষ্টবিনত?, চৰকাৰে ‘এক ৰাষ্ট্ৰ এক অনুজ্ঞাপত্ৰ’ৰ ব্যৱস্থা কৰক, ফেশ্বনৰ বাবে নহয় মাস্ক, ৰাফেল : ভাৰতীয় বায়ুসেনাৰ অমোঘ অস্ত্ৰ, চন্দ্ৰ অভিযান ব্যৰ্থ হ’লেও সফল বিজ্ঞানী, সন্তানৰ প্ৰতি থকা অন্ধ প্ৰেমৰ পৰিণতি আদি লেখাই পঢ়ুৱৈৰ মন-মগজু চুই যাব৷
Download E-Book (PDF)