প্ৰত্যাহ্বান
নিবন্ধকাৰ গোপাল জালানৰ ‘প্ৰত্যাহ্বান’ পঞ্চম গ্ৰন্থ৷ ২০১৭ চনত গুৱাহাটীৰ বিশাল প্ৰকাশনে প্ৰকাশ কৰে গ্ৰন্থখন৷ মূল্য ১২০ টকা৷ ৬৩টা নিবন্ধই স্থান পাইছে গ্ৰন্থখনত৷ সমসাময়িক জীৱনৰ বিভিন্ন বিষয় সাঙুৰি লেখকে নিবন্ধকেইটা লিখিছে৷ জীৱনৰ বাটত লগ পোৱা বিভিন্ন লোকৰ সুখ-দুখ, হাঁহি-কান্দোন, ঘাত-প্ৰতিঘাতে লেখকৰ মন চুই যোৱাৰ ফলত তেওঁলোকৰ জীৱনৰ তেনেবোৰ বিষয় সামৰি কেবাটাও নিবন্ধ লিখিছে৷ কোন দিশে সংস্কৃতি, অভিশাপ নহয় বাৰ্ধক্য, ভূলুণ্ঠিত মানৱতা, প্ৰতিবেশীৰ দায়িত্ব, জীৱ-জন্তুৰ সুৰক্ষাত শিশুৰ ভূমিকা, কিয় কাশ্মীৰ অশান্ত, গোলকীয় উষ্ণতাৰ বাবে দায়ী কোন আদি বিষয়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰসংগও গ্ৰন্থখনত দেখিবলৈ পোৱা যায়৷
Download E-Book (PDF)